ঘাতক ক’ভিড-১৯সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ অধীনৰ সকলাে ঐতিহাসিক কীৰ্তিচিহ্ন ১৫ মে লৈকে বন্ধ ঘােষণা কৰিছে। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লােৱাৰ বাবে কালি ভাৰতীয় পুৰাতত্ত্ব বিভাগে ঐতিহাসিক তাজমহল, কুতুবমিনাৰ, লালকিল্লাকে ধৰি দেশৰ প্রান্তে প্রান্তে থকা সকলাে কীৰ্তিচিহ্ন দর্শনার্থী-পর্যটকৰ বাবে বন্ধ কৰিলে। পুৰাতত্ত্ব বিভাগে ঘােষণা কৰা ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে সংগ্ৰহালয়, ঐতিহাসিক মন্দিৰকে ধৰি দেশজুৰি থকা ৩,৬৯৩ কীৰ্তিচিহ্ন আৰু ৫০ সংগ্রহালয় বন্ধ থাকিব
উল্লেখ্য যে পুৰাতত্ত্ব বিভাগে ঘােষণা কৰা বন্ধৰ তালিকাত অসমৰ ৫৫ কীৰ্তিচিহ্নৰ ভিতৰত শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদ’ল, কামৰূপ জিলাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি কেইবাটাও কীৰ্তিচিহ্ন আছে। তালিকাত কাছাৰ জিলাৰ এটা, অবিভক্ত শােণিতপুৰ জিলাৰ বিশ্বনাথস্থিত বৰদলৈ মন্দিৰ, লেফটেনেন্ট লিউছৰ সমাধি, লেফটেনেন্ট থমাছ কেনেড়িৰ সমাধি, বিশ্বনাথ শিৱলিংগ, শুক্লেশ্বৰ, ধান্দি মন্দিৰ, বামুণী পাহাৰৰ শিলাখণ্ড, পৰ্বতীয়া শিলমন্দিৰ, গােৱালপাৰা জিলাৰ সূর্য পাহাৰৰ শিলাখণ্ড, বঙাইগাঁৱৰ প্রাচীন সমাধি, কামৰূপ মহানগৰ কামাখ্যা পাহাৰৰ শিৱলিংগ, চাৰিহতীয়া ভৈৰৱী, নৰকাসুৰৰ প্রতিমূর্তি, দুহতীয়া ভৈৰৱী আদি, চৰাইদেউৰ চাৰি মৈদাম, গােলাঘাটৰ নেঘেৰিটিঙৰ শিৱদল আদি আছে।